Wednesday, June 20, 2018

ছাত্ৰ ছাত্ৰীৰ আন্দোলন



এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ বা বিক্ষোভ কৰাৰ অধিকাৰ সকলোৰে আছে। চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ অনুমতিসাপেক্ষে শান্তিপূৰ্ণভাৱে ৰাইজ ৰাজপথলৈ ওলাই আহিলে আৰক্ষী, প্ৰশাসনেও বাধা দিব নোৱাৰে। কিন্তু প্ৰতিবাদ কৰিবলৈ যেতিয়া সাধাৰণ ৰাইজৰ সলনি বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীক ৰাষ্টালৈ উলিয়াই অনা হয় সেয়া হৈ পৰে গণতন্ত্ৰৰ নামত প্ৰহসন।
কোনো পিতৃ মাতৃ বা অভিভাৱকে আন্দোলন কৰিবলৈ ল’ৰা ছোৱালীক বিদ্যালয়লৈ নপঠিয়ায়। আজিৰ সময়ত চৰকাৰী বিদ্যালয়ত ল’ৰা ছোৱালী পঢ়ুওৱা সৰহভাগ অভিভাৱকেই সাধাৰণতে নিম্ন মধ্যবিত্ত বা একেবাৰে নিম্ন শ্ৰেণীৰ হয়। তেওঁলোকে অতি কষ্ট কৰি, ল’ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখি বিদ্যালয়লৈ পঠিয়ায়। কিন্তু বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা তেওঁলোকক বলপূৰ্বক লৈ গৈ যেতিয়া প্ৰখৰ ৰ’দত খোজকঢ়াই প্ৰতিবাদী মিছিল বাহিৰ কৰা হয়, সেয়া হৈ পৰে গণতান্ত্ৰিক অধিকাৰৰ চৰম অপব্যৱহাৰ। কিছুদিন আগতে ওদালগুৰি জিলাত এখন বিদ্যালয়ৰ পৰা ধৰি আনি এখন গাড়ীত উঠাই আন্দোলন কৰিবলৈ নিয়া বহুতো ছাত্ৰ পথ দুৰ্ঘটনাত আহত হৈছিল। অভিভাৱকৰ বিনা অনুমতিত কিছুমান নেতাই ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা আন্দোলন কৰিবলৈ নি এইদৰে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ সংকট মাতি অনাটো কোনো প্ৰকাৰে গ্ৰহণযোগ্য হ’ব নোৱাৰে।

শেহতীয়াকৈ অসম বিধানসভাৰ আইন ৰূপায়ন কমিটীয়ে জিলা আয়ুক্ত আৰু শিক্ষা আয়ুক্তলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশটোত কোৱা হৈছেযে এতিয়াৰ পৰা কোনো দল সংগঠনে বিদ্যালয় চলি থকা সময়ত ছাত্ৰ ছাত্ৰীক আন্দোলন কৰিবলৈ উলিয়াই নিব নোৱাৰিব। অৰ্থাৎ বিদ্যালয়ৰ সাজ পোছাক পৰিহিত কোনো ছাত্ৰ ছাত্ৰীয়ে আন্দোলনত ভাগ ল’ব নোৱাৰিব। বিধানসভাৰ আইন ৰূপায়ন কমিটীৰ সভাপতি বিধায়ক মৃণাল শইকীয়াৰ পৌৰোহিত্যত অনুস্থিত হোৱা বৈঠকত সিদ্ধান্ত লোৱা হয়যে বিদ্যালয় চলি থকা সময়ত ছাত্ৰ ছাত্ৰীক আন্দোলন কৰিবলৈ এৰি দিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আন শিক্ষকসকলৰ বিৰুদ্ধে দৰমহা কৰ্তন আৰু চাকৰিৰ পৰা নিলম্বনৰ দৰে শাস্তিমূলক ব্যৱস্থা হাতত লোৱা হ’ব। অসম চৰকাৰৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আয়ুক্তক বৈঠকৰ সিদ্ধান্তৰ বিষয়ে প্ৰতিখন চৰকাৰী বিদ্যালয়লৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীক জোৰ জুলুমকৈ উলিয়াই অনাৰ কাৰণে হ’ব পৰা আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনকো নিৰ্দেশ দিয়া হৈছে।

কিছুমান তথাকথিত ছাত্ৰ সংগঠনে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক ৰাজপথত অসুৰক্ষিতভাৱে আন্দোলনত প্ৰবৃত্ত কৰোৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ অভিভাৱক আৰু সচেতনমহলে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। এনে কাৰ্যৰ ফলত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানত ব্যাপক ক্ষতি হয়। মনকৰিবলগীয়াযে আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্থ হয় অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ দুৰৱস্থাই প্ৰতিফলিত কৰিছে। ছাত্ৰ ছাত্ৰীক পঢ়া শুনা এৰি আন্দোলন কৰিবলৈ ঘনাই ৰাজপথত থিয় কৰোৱাটো অভিভাৱকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ সলনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাব খোজাৰ অন্যতম কাৰণ।

চৰকাৰৰ এই পদক্ষেপক সৰ্ব-সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও বহুতো ছাত্ৰ সংগঠনে সাংগঠনিক শক্তি হেৰুওৱাৰ দুশ্চিন্তাত ভূগিছে। কিছুমান ছাত্ৰনেতাই এই কাৰ্যক গণতন্ত্ৰ বিৰোধী বুলিও মন্তব্য কৰিছে। কিন্তু এই কথাও সত্যযে, গণতন্ত্ৰৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত চলি থকা বিভিন্ন ছাত্ৰ সংগঠনৰ জোৰ-জুলুম কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। বিদ্যালয়ৰ পৰা ৰাষ্টালৈ উলিয়াই অনা বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো আন্দোলনৰ কাৰণটোৱেই ক’ব নোৱাৰে। সেয়েহে চৰকাৰে আইন প্ৰণয়ন কমিটিৰ এই সিদ্ধান্ত কঠোৰভাৱে বলবৎ কৰিব লাগে যাতে কোনেও ছাত্ৰ ছাত্ৰীক সহজ চিকাৰ জ্ঞান কৰি তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰে। ছাত্ৰ-ছাত্ৰীক জোৰ জুলুম কৰা ছাত্ৰনেতাৰ ওপৰতো কঠোৰ শাস্তি হ’ব লাগে।

Wednesday, June 13, 2018

ফুটবলৰ জ্বৰ



সমগ্ৰ বিশ্ব এতিয়া ফুটবলৰ জ্বৰত কঁপিছে । ১৪ জুনৰ পৰা ৰাছিয়াত আৰম্ভ হোৱা বিশ্বকাপ ফুটবলে বিশ্বৰ ফুটবলপ্ৰেমীসকলৰ মাজত প্ৰবল আলোড়নৰ সৃষ্টি কৰিছে। ফুটবলৰ প্ৰতি মানুহৰ আকৰ্ষণে এহাতে যেনেদৰে সমগ্ৰ মানৱজাতিৰ বাবে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনিছে, ঠিক সেইদৰে বিভিন্ন ঠাইত বিভিন্ন দলৰ সমৰ্থকৰ মাজত নানান অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈছে।

আমাৰ চুবুৰীয়া দেশ বাংলাদেশত ইতিমধ্যে ফুটবলক কেন্দ্ৰ কৰি বিভিন্ন দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। বিশ্বৰ ২১১ খন ফুটবল খেলা দেশৰ মাজত ফুটবলত বাংলাদেশৰ স্থান ১৯৪ তম। সেয়েহে নিজদেশীয় দলৰ অনুপস্থিতিত বাংলাদেশৰ ফুটবল পাগল মানুহবোৰ বিভিন্ন দলৰ সমৰ্থক হৈ পৰিছে আৰু তেওঁলোকৰ মাজতে খণ্ডযুদ্ধ আৰম্ভ হৈছে। যোৱা বুধবাৰে ঢাকাৰ ৰাজপথত ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ মাজত মাৰ পিতৰ ঘটনা সংঘটিত হৈছে। সেইদৰে যোৱা সপ্তাহত বন্দৰ চহৰত লিওনেল মেছি আৰু নেইমাৰৰ সমৰ্থকসকলৰ মাজত কাজিয়া লাগিছিল। এই কাজিয়াত এজন ফুটবল সমৰ্থক আৰু তেওঁৰ পুত্ৰ বেয়াকৈ আঘাটপ্ৰাপ্ত হৈছিল। আকৌ ব্ৰাজিলৰ পতাকা এখন এটা খুঁটাত লগাবলৈ যাওঁতে বিদ্যুতপৃষ্ঠ হৈ এজন ১২ বছৰীয়া ল’ৰাৰ মৃত্যু হৈছিল। বাংলাদেশত এতিয়া বিভিন্ন ফুটবল খেলা দলৰ সমৰ্থকসকলে পতাকা জোকাৰি জোকাৰি বিভিন্ন প্ৰকাৰৰ সমদল উলিওৱাটো আৰু সাধাৰণ মানুহৰ হাৰাশাস্তি কৰাটো সাধাৰণ কথা হৈ পৰিছে।

বিশ্বকাপ ফুটবলৰ সময়ত বিভিন্ন দেশৰ উন্মাদ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষ হোৱাটো নতুন কথা নহয়। ২০১৬ চলৰ বিশ্বকাপ ফুটবলৰ ফাইনেলত ইংলেণ্ড আৰু ফ্ৰান্সৰ সমৰ্থক সকলৰ মাজত হোৱা সংঘৰ্ষই ভয়ানক ৰূপ লৈছিল। পূৰ্বৰ অভিজ্ঞতাৰ পৰা জনা যায়যে সমৰ্থক সকলৰ মাজত বিশৃংখলতা আৰু সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰাত ইংলেণ্ডৰ সমৰ্থকসকল আটাইতকৈ কুখ্যাত। তেওঁলোকৰ মাজত গুণ্ডা প্ৰবৃত্তিৰ মানুহো থাকে। এইবাৰৰ বিশ্বকাপত তেনে এক হাজাৰৰো অধিক কুখ্যাত গুণ্ডা সমৰ্থকক এইবাৰ ইংলেণ্ডৰ পৰা ৰাছিয়াত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। যিসকলৰ ফুটবলকেন্দ্ৰিক হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ পূৰ্বৰ উদাহৰণ আছে, তেওঁলোকক নিজ দেশৰ বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট জমা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও কিছুসংখ্যকে এতিয়াও পাছপোৰ্ট জমা কৰা নাই। এইসকল ফুটবল সমৰ্থকে চোৰাংকৈ হ’লেও ৰাছিয়াত প্ৰৱেশ কৰিব বুলি আশংকা কৰা হৈছে।

বিশ্বকাপ ফুটবলক ফুটবলৰ মহোত্সৱ বুলিব পৰা যায়। ফুটবলৰ ধ্ৰুপদী কলাৰ সোৱাদ ল’বলৈ ষ্টেডিয়ামলৈ অহা কোনো দৰ্শকে হুলস্থলময় পৰিৱেশৰ কামনা নকৰে। সেইদৰে খেলক খেল হিচাপে গ্ৰহণ কৰি দলবোৰৰ হৰা-জিকাক লৈ সমৰ্থকসকলৰ মাজত হোৱা সংঘৰ্ষৰ কোনো সভ্য মানুহে সমৰ্থন কৰিব নোৱাৰে। সেয়েহে কলাত্মক ফুটবলৰ সৌন্দৰ্য উপভোগ কৰাৰ আগ্ৰহী দৰ্শকৰ সুবিধাৰ বাবে উগ্ৰ আৰু গুণ্ডা প্ৰবৃত্তিৰ ফুটবল সমৰ্থকসকলক কঠোৰ হাতেৰে দমন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

ফুটবল বিশ্বকাপৰ খেল আৰম্ভ নৌহওঁতেই বাংলাদেশত বিভিন্ন দলৰ সমৰ্থকৰ মাজত আৰম্ভ হোৱা ফুটবল কেন্দ্ৰিক উত্তেজনাই এই কথা প্ৰতিপন্ন কৰিছেযে বিশ্বৰ বহুতো দেশৰ মানুহ ভয়ংকৰ ফুটবল জ্বৰত আক্ৰান্ত হৈছে। বাংলাদেশৰ বহুত মানুহেই হয়তো নাজানে ব্ৰাজিল আৰু আৰ্জেণ্টিনা পৃথিৱীৰ কোনটো প্ৰান্তত অৱস্থিত, কিন্তু ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ পতাকা উৰুৱাই, দল দুটাৰ আৰ্হিত জাৰ্চি পিন্ধি তেওঁলোকে ৰাজপথত সমদল উলিয়াইছে। বিদেশী দলদুটাৰ সমৰ্থক সকলৰ মাজত কথাৰ কটা কটি, হতা হতিও হৈছে। ফুটবলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা হিংসাত্মক কাৰ্যই কাৰো উপকাৰ নকৰে। বৰং সাধাৰণ মানুহক বিখ্যাত খেলুৱৈসকলৰ নান্দনিক খেল উপভোগ কৰাত বাধা দিয়ে। অসমত ফুটবলৰ উগ্ৰ সমৰ্থকৰ তাণ্ডৱ পৰিলক্ষিত হোৱা নাই যদিও আগন্তুক সময়ত কোনো ন্যস্ত স্বাৰ্থই ফুটবল কেন্দ্ৰিক হিংসাৰ চেলুত ৰাজ্যখনৰ পৰিস্থিতি অস্থিৰ কৰি তোলাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দিন চমু চাপি অহাৰ বাবে সাধাৰণ মানুহ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

Monday, June 11, 2018

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজন আছেনে?


নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে প্ৰতিবাদ কৰাটো অসমীয়া জাতিৰ কাৰণে অতি শুভলক্ষণ বুলিব পাৰি। সকলোৰে সমূহীয়া প্ৰতিবাদে এই কথা প্ৰতিপন্ন কৰিছেযে জাতি জনগোষ্ঠীবোৰৰ মাজত হেজাৰ প্ৰভেদ থাকিলেও বিপদৰ সময়ত সকলোৱে একগোট হয়। অসম আন্দোলনৰ সময়তো বৃহত্তৰ অসমীয়া জাতিয়ে এনে একতা প্ৰদৰ্শন কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰা সহজেও বুজিব পৰা গৈছেযে অসমীয়া মানুহে অসমত বিদেশী সংস্থাপন দিয়াৰ কাৰ্য কোনোপধ্যে মানি নলয়। স্বাধীনচেতিয়া অসমীয়া মানুহে কেতিয়াও বিদেশীৰ আগত শিৰনত কৰিব নোৱাৰে। সুজলা সুফলা শস্য শ্যামলা অসম ভূমিত বিদেশীৰ দপদপনি কেতিয়াও সহ্য কৰিব নোৱাৰে। সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱা বুলি শুনি অসমীয়া মানুহ দলে দলে ৰাজপথলৈ ওলাই আহিছে।

এইখিনিতে প্ৰশ্ন হয়, অসমীয়া মানুহৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে, পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰ এখনে কেনেদৰে এনে এখন জাতিধ্বংসী বিধেয়কৰ সমৰ্থন কৰিব পাৰে? বিধেয়কখনত সঁচাকৈয়ে বাংলাদেশৰ পৰা ডেৰ – দুই কোটি হিন্দু বাংলাদেশীক অসমলৈ অনাৰ কিবা প্ৰস্তাৱ আছে নেকি? বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দি অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি? অসমীয়া মানুহে ভয় কৰাৰ দৰে বিধেয়কখনত থকা ব্যৱস্থাই অসমীয়া ভাষা সংস্কৃতি ধ্বংস কৰিব নেকি?

মনকৰিবলগীয়াযে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ’লেও বিধেয়েকখনত কিনো আছে এই বিষয়ে প্ৰায়বোৰ অসমীয়া মানুহেই বিশেষ ভূ ৰখা নাই। ইণ্টৰনেটত অলপ খুচৰি জানিব পাৰিলোঁযে বিধেয়কখনত এটা কথা ষ্পষ্টকৈ লিখা আছেযে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উত্পীড়নৰ কবলত পৰি ভাৰতলৈ অহা সেইবোৰ দেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু, খ্ৰিষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন এই জনগোষ্ঠীকেইটাৰ মানুহে ভাৰতত সাত বছৰ থকাৰ প্ৰমাণ দিব পাৰিলে ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। এই সাতবছৰৰ ভিতৰত শেষৰ বছৰটোত একেৰাহে ভাৰতত থকাটো বাঞ্ছনীয়। অৰ্থাৎ চুবুৰীয়া দেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুৱে ২০১১ চনৰ পৰা ভাৰতত থকাৰ প্ৰমাণ দিব পাৰিলে ২০১৮ চনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ২০১৪ চনৰ পাছত অহা বিদেশীৰ বাবে এই ব্যৱস্থা প্ৰয়োজ্য নহয়। উল্লেখ্যযে ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতত বাস কৰা যিকোনো বিদেশী নাগৰিকে বাৰ বছৰ বাস কৰাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। বিধেয়কখনত অৱশ্যে বিশেষকৈ হিন্দু বাংলাদেশী অসমলৈ অনাৰ কোনো পৰিকল্পনা বিচাৰি নাপালোঁ।   

ভাৰতীয় নাগৰিকত্ব আইন মতে ১৯৫১ চনৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ পত্ৰ নোহোৱাকৈ বা বৈধ কাগজ পত্ৰৰ সময়সীমা উকলি যোৱাৰ পাছতো বাস কৰা সকলোৱেই অবৈধ বিদেশী। অৱশ্যে অসমত অসম চুক্তিৰ বাবে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে প্ৰৱেশ কৰা অবৈধ বিদেশীসকলকো স্বদেশী বুলি স্বীকাৰ কৰি লোৱা হৈছে। সেয়েহে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত প্ৰৱেশ কৰা আৰু বৈধ কাগজ হাতত নথকা সকল অবৈধ বিদেশী। এই অবৈধ বিদেশীসকলক বহিষ্কাৰ কৰিবলৈ অসম চুক্তিত নিৰ্দেশ দিয়া আছে। ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰিবলৈ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে। এনে পৰিস্থিতিত ২০১৪ চনলৈ অহা কেইটামান ধৰ্মৰ মানুহক নাগৰিকত্বৰ আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধ বিদেশী হিচাপে চিনাক্ত হোৱা এচাম লোকেও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। তেনে পৰিস্থিতিত অসম চুক্তিয়ে নিৰ্দেশ দিয়ামতে সেইসকল লোকক কোনোকালেই দেশান্তৰিত কৰিব পৰা নাযাব।

মনকৰিবলগীয়াযে ২০১৪ আৰু ২০১৫ চনত দুখন অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে পাৰপত্ৰ অধিনিয়মৰ সংশোধন কৰি ইতিমধ্যে ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ অহা উল্লিখিত ছয়টা ধৰ্মৰ লোকক বৈধ কাগজ পত্ৰ নথকাৰ বাবে কাৰাৰুদ্ধ বা দেশান্তৰিত কৰিব নোৱাৰিব বুলি নিয়ম বান্ধি দিছে। এই নিয়ম অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ যোগেদি অবৈধ বিদেশী বুলি চিনাক্ত হ’লেও ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ ভাৰতত প্ৰৱেশ কৰা উপৰোক্ত ছয়টা ধৰ্মৰ মানুহক কোনোপধ্যে বহিষ্কাৰ কৰিব পৰা নাযাব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ’লেও ২০১৪ চনলৈ অহা ছয়টা ধৰ্মৰ মানুহ ভাৰততে থাকিব পাৰিব।

এইখিনিতে প্ৰশ্ন হয়, চৰকাৰে উপৰোক্ত ছয়টা ধৰ্মৰ মানুহৰ কাৰণে বিশেষ ব্যৱস্থাৰ প্ৰচলন কৰিব খুজিছে কিয়? ভাৰতত শৰণাৰ্থী আইন নথকাৰ বাবে চুবুৰীয়া দেশৰ পৰা বৈধ কাগজ পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰা সকলোকে অবৈধ বিদেশী বুলি গণ্য কৰা হয়। এই অবৈধ বিদেশীৰ মাজত সেইবোৰ দেশত ধৰ্মীয় উত্পীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকো যথেষ্ট সংখ্যক আছে। এওঁলোকৰ বাহিৰে বাকী মানুহবোৰে জীৱন ধাৰণৰ উন্নত মানদণ্ড বিচাৰি বা জীৱিকাৰ সন্ধানত ভাৰতলৈ আহিছে বুলি ধৰি লোৱা হৈছে। ধৰ্মীয় উত্পীড়নত বলি হৈ ভাৰতলৈ অহা লোকসকলক ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি আশ্ৰয় প্ৰাৰ্থী বা Asylum Seeker  বুলি কোৱা হয়। ১৯৫১ চনত জেনেভাত অনুস্থিত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলনৰ সিদ্ধান্ত অনুযায়ী ধৰ্মীয় উত্পীড়নৰ বলি হৈ নিজৰ দেশ এৰি আন দেশলৈ যোৱা লোকসকলক খেদি নপঠিয়াই আশ্ৰয়দাতা দেশখনে শৰণাৰ্থীৰ মৰ্যদা দিব লাগে। ভাৰত এই সন্মিলনৰ স্বাক্ষৰকাৰী নহয় যদিও বিশ্বৰ আন আন দেশৰ দৰে ভাৰতেও এই নিৰ্দেশনা মানি চলে। সেয়েহে ভাৰতে তিব্বত আৰু শ্ৰীলংকাৰ পৰা অহা বহুতো আশ্ৰয় প্ৰাৰ্থীক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। শৰণাৰ্থীৰ মৰ্যদা লাভ কৰিলে এই লোকসকলে প্ৰৱজন কৰা দেশখনত আৰক্ষীৰ হাৰাশাস্তি নোহোৱাকৈ বসবাস কৰাৰ অধিকাৰ লাভ কৰে। উপৰোক্ত ছয়টা ধৰ্মৰ মানুহ মূলত: ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা বুলি ধৰি লৈ ভাৰত চৰকাৰে ২০১৪ চনলৈ অহা সেইসকল লোকক ইতিমধ্যে শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰিছে। ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা সাতবছৰ বা তাতকৈ বেছি সময় বাস কৰা শৰণাৰ্থীসকলক নাগৰিকত্ব লাভ কৰাৰ সুযোগ দিব খোজা হৈছে। 

উল্লেখ্যযে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কেৱল অসমৰ কাৰণে প্ৰযোজ্য নহয়, বৰং সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য। কিন্তু এই বিধেয়কৰ দ্বাৰা কেৱল অসম নেতিবাচকভাৱে প্ৰভাৱিত হ’ব বুলি প্ৰবল প্ৰচাৰ চলিছে। মনকৰিবলগীয়াযে বৰাক উপত্যকাৰ অধিকাংশ মানুহে এই বিধেয়কখনৰ সমৰ্থনত মত প্ৰকাশ কৰিছে। বৰাক উপত্যকাৰ জনগাঁথনিত হিন্দু বাঙালীৰ আধিপত্যৰ বাবেই হয়তো বাংলাদেশৰ পৰা অহা হিন্দুৰ প্ৰতি তেওঁলোকে সহমৰ্মিতা অনুভৱ কৰে।  অসমত এতিয়া বৰকৈ প্ৰচাৰ চলিছেযে এই বিধেয়কখন গৃহীত হ’লে বাংলাদেশৰ পৰা ১ কোটি ৭০ লাখ হিন্দু মানুহ অসমলৈ আহিব আৰু তেওঁলোকে অসমীয়া মানুহৰ ভাষা সংস্কৃতি সকলো ধ্বংস কৰিব। কিন্তু তথ্যমতে বাংলাদেশত কেৱল ১ কোটি ২০ লাখমানহে হিন্দু মানুহ আছে। গতিকে বাংলাদেশৰ মুঠ হিন্দু জনসংখ্যাতকৈও অধিক মানুহ ঘৰ মাটি, কাম বন এৰি কেৱল অসমলৈ উঠি আহিব বুলি চলোৱা প্ৰচাৰ বহুপৰিমাণে উদ্দেশ্য প্ৰণোদিত বুলি বুজিব পৰা যায়। সেইখিনি মানুহ উঠি অহাটো কিবা প্ৰকাৰে সম্ভৱ হ’লেও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অনুযায়ী তেওঁলোকে কোনো সুবিধা দাবী কৰিব নোৱাৰে, কাৰণ এই বিধেয়কত কেৱল ২০১৪ চনলৈ অহা ধৰ্মীয় সংখ্যালঘুক বিশেষ সুবিধা দিয়াৰ কথাহে লিখা আছে। তদুপৰি কোনো কাৰণ নোহোৱাকৈ, যুদ্ধ বিগ্ৰহ নোহোৱাকৈ ইমান বৃহৎ সংখ্যক মানুহ সীমান্ত পাৰ হৈ এখন দেশৰ পৰা আন এখন দেশলৈ গতি কৰাটো কেতিয়াও সম্ভৱ নহয়।

১৯৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তিত ১৯৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি দেশান্তৰিত কৰাৰ নিৰ্দেশ দিয়া আছে যদিও আজি তিনি দশকৰো অধিক কাল পাৰ হৈ যোৱাৰ পাছতো সেয়া সম্ভৱ হৈ উঠা নাই। অসমত এতিয়াও প্ৰায় ৫০ লাখ অবৈধ বিদেশী নাগৰিক আছে বুলি অনুমান কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে চিনাক্ত কৰি উলিয়ালেও ইমান সংখ্যক লোকক উচ্ছেদ কৰি দেশান্তৰিত কৰাটো আজিৰ সময়ত এক অলীক কল্পনা বুলিব পাৰি। কোনো দেশৰ এনে কাৰ্যক ৰাষ্ট্ৰসংঘকে ধৰি কোনো আন্তৰ্জাতিক মানৱাধিকাৰ সন্থাই কেতিয়াও সহ্য নকৰে। উল্লেখ্যযে বাংলাদেশৰ লগত ভাৰতৰ কোনো নাগৰিক প্ৰত্যাৰ্পন চুক্তি নাই। ইয়াৰ ফলত চিনাক্ত হোৱা বিদেশী নাগৰিকক সীমান্ত পাৰ কৰি থৈ আহিলেও বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে পুনৰ খেদি পঠিয়ায়। সেয়েহে হিন্দুৱেই হওক বা মুছলমানেই হওক, অসমত থকা কোনো অবৈধ বিদেশীকে কেৱল অসম চুক্তিৰ আধাৰত বহিষ্কাৰ কৰিব পৰাটো হয়তো কেতিয়াও সম্ভৱ হৈ নুঠিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে ভাৰত চৰকাৰে অন্য দেশৰ পৰা পলাই অহা সেইসকল লোকক বিশেষ সুবিধা প্ৰদান কৰিব খুজিছে, যিসকলৰ ভাৰতৰ বাহিৰে অন্য কোনো গৃহভূমি নাই। অবিভক্ত ভাৰতত বাস কৰা বুজনসংখ্যক হিন্দু, শিখ, বৌদ্ধ, জৈন আদি ধৰ্মৰ মানুহ ধৰ্মৰ আধাৰত ভাৰতৰ মূলভূমিৰ পৰা বিচ্ছেদ হোৱা পাকিস্তানত থাকি গৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইছলামিক শাসন প্ৰৱৰ্তন হোৱাৰ পাছত এই লোকসকলে নানান ধৰ্মীয় নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ কিছু অংশ লোক প্ৰাণৰ মমতাত মূল গৃহভূমি ভাৰতলৈ ঘূৰি আহিছিল। পাকিস্তানৰ এটা অংশ বাংলাদেশ নামৰ এখন পৃথক ৰাষ্ট্ৰ হোৱাৰ পাছত ধৰ্মীয় নিৰ্ষাতনৰ বাবে বাংলাদেশৰ পৰাও ভাৰতলৈ ধৰ্মীয় সংখ্যালঘুৰ প্ৰৱজন চলি থাকিল। পশ্চিমবংগ আৰু ত্ৰিপুৰাতে মূলত: এই ভগনীয়াসকলে আশ্ৰয় ল’লে যদিও কিছু অংশ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকালৈও আহিল। এইসকল লোকে বৈধ ভাৱে ভাৰতত প্ৰৱেশ নকৰাৰ বাবে সদায় অবৈধ বিদেশী বুলি অভিহিত হৈ আহিছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। সেয়েহে মানবীয়তাৰ খাতিৰত এইসকল লোকক ভাৰতত আশ্ৰয় আৰু নাগৰিকত্ব প্ৰদান কৰাৰ দাবী বহুদিনৰ পৰা উঠি আহিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে এই লোকসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। উল্লেখ্যযে বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিয়াৰ সপক্ষে ২০১৪ চনত কেবিনেট সিদ্ধান্ত  গ্ৰহণ কৰি তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখনক ৰাইজে সহজভাৱে লব পৰা নাই, কাৰণ বিভিন্ন সময়ত বিভিন্ন দলৰ চৰকাৰে বাংলাদেশী বহিষ্কাৰ কৰা হ’ব বুলি অসমীয়া মানুহক আভুৱা ভাৰি আছে। অসমীয়া মানুহক এতিয়াও সপোন দেখুৱাই থকা হৈছেযে অসমত থকা হিন্দু, মুছলমান সকলো বাংলাদেশীক দেশান্তৰিত কৰা হ’ব। বিভিন্ন দল সংগঠনেও বাংলাদেশী ইছ্যুটোক ব্যৱহাৰ কৰি নিজৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰি আছে। কিন্তু আজিলৈকে কোনো চৰকাৰ বা দল সংগঠনে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পন চুক্তি সম্পাদিত কৰিবলৈ বিশেষ উদ্যোগ হাতত লোৱাটো পৰিলক্ষিত নহ’ল। সেইদৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি হ’লেও সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিবলৈ অসমত তীব্ৰ গণ আন্দোলন গঢ়ি উঠিব লাগিছিল। অসম চুক্তিৰ ছয় নম্বৰ দফাত থকা অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচৰ বাবেও গণ জাগৰণ দেখা পোৱা নাই।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ’লে অসম চুক্তি আৰু ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ ৰ ৬(ক) দফাৰ উলংঘন হ’ব। সেয়েহে অসমত এই বিধেয়ক বলবৎ কৰাত আইনগত অসুবিধাও আছে। অসম চুক্তিৰ সাংবিধানিক বৈধতাৰ ওপৰত উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে যদিও, বিচাৰৰ ৰায় নোপোৱা পৰ্যন্ত অসম চুক্তিয়েই অসমৰ মানুহে ছয়বছৰ আন্দোলন কৰি পোৱা বিদেশী বহিষ্কৰণৰ নিৰ্দেশ থকা একমাত্ৰ দলিল। গতিকে অসম চুক্তিৰ উলংঘন অসমীয়া মানুহে মানি ল’ব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি মানুহৰ মনত থকা আশংকা দূৰ কৰাটো আৰু অসমত নতুনকৈ কোনো অবৈধ বিদেশীক সংস্থাপিত হ’বলৈ দিয়া নহ’ব বুলি আশ্বস্ত কৰাটো চৰকাৰৰ কৰ্তব্য। মুখ্যমন্ত্ৰীৰ দ্বায়িত্বত থকা অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ পৰা অসমবাসীয়ে আশ্বাস বিচাৰিছেযে অসমে যাতে কোনো কাৰণতে বিদেশীৰ অধিক বোজা ল’বলগীয়া নহয়। বৰাক ব্ৰহ্মপুত্ৰৰ সমন্ৱয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বৰাকবাসীকো বিশ্বাসত ল’ব লাগিবযে অসমক কেতিয়াও বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ’ব।

বিকল্প ইন্ধনৰ ৰূপত মিথানল



আমাৰ দেশত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল উত্পাদন নোহোৱা কাৰণে প্ৰচুৰ পৰিমাণৰ তেল আন্তৰ্জাতিক বজাৰৰ মূল্যত ক্ৰয় কৰি আমদানি কৰিবলগীয়া হয়। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান পতনৰ সৈতে আমাৰ দেশত পেট্ৰ’লজাত সামগ্ৰীৰ দাম উঠা নমা কৰে। খাৰুৱা তেল ক্ষয়িষ্ণু প্ৰাকৃতিক সম্পদ হোৱা বাবে অদূৰ ভৱিষ্যতত খাৰুৱা তেলৰ দাম আকাশলংঘী হোৱাৰ সম্ভাৱনা আছে। তদুপৰি পেট্ৰ’লজাত সামগ্ৰীৰ ব্যৱহাৰৰ পৰা হোৱা প্ৰদূষণে সমগ্ৰ পৃথিৱীৰ পৰিৱেশ বিনষ্ট কৰিছে। সেয়েহে পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিকল্প ইন্ধনৰ সন্ধান সমগ্ৰ বিশ্বতে নিৰন্তৰ চলি আছে।

যোৱা ৫ জুনত, বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিতি আয়োগে ঘোষণা কৰিছেযে অচিৰেই ভাৰতে মিথানল নিৰ্ভৰশীল অৰ্থনীতিৰ পিনে গতি কৰিব, যাৰ ফলত ভাৰতৰ খাৰুৱা তেলৰ আমদানি  হ্ৰাস পাব, প্ৰদূষণৰ পৰিমাণ কমিব। যোৱা বছৰ ডিছেম্বৰ মাহত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীয়ে লোকসভাত ইন্ধন হিচাপে মিথানলৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। নিতি আয়োগৰ অনুমান অনুসৰি মিথানলৰ ব্যৱহাৰৰ যোগেদি খাৰুৱা তেলৰ আমদানিৰ পৰিমাণ ২০%লৈ কম কৰিব পৰা যাব। মিথানল ব্যৱহাৰৰ আটাইতকৈ মনকৰিবলগীয়া কথাটো হ’ল, মিথানলৰ ব্যৱহাৰে প্ৰদূষণৰ মাত্ৰা ৪০% হ্ৰাস কৰিব।
মিথানল হ’ল প্ৰাকৃতিক গেছ, জৈৱ সাৰ, কয়লা, জাবৰ জোঁথৰ আদিৰ পৰা উত্পাদন কৰিব পৰা এবিধ ৰাসায়নিক পদাৰ্থ, যিবিধক ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে প্ৰমাণিত হৈছেযে মিথানল প্ৰায় সকলো আভ্যন্তৰিণ দহনযুক্ত ইঞ্জিনত ব্যৱহাৰ কৰিব পৰা যায় আৰু মিথানলৰ ব্যৱহাৰে বায়ুমণ্ডলত নিৰ্গত হোৱা বিষাক্ত গেছৰ পৰিমাণ বহুপৰিমাণে কম কৰে। সেইদৰে মিথানলক ৰন্ধন গেছৰ সৈতে ব্লেণ্ডিং কৰি বাছ, ট্ৰাক, ৰে’লগাড়ীৰ দৰে গধুৰ বাহন চলাবলৈও ব্যৱহাৰ কৰিব পাৰি। উল্লেখ্যযে ভাৰতীয় ৰে’ল বিভাগে বছৰি প্ৰায় তিনিশ কোটি লিটাৰ ডিজেল ব্যৱহাৰ কৰে আৰু মিথানলৰ ব্যৱহাৰৰ দ্বাৰা এই বৃহৎ পৰিমাণৰ ডিজেল সঞ্চয় কৰিব পৰা যাব। সেইদৰে জলপৰিবহন ছাব-মেৰিণ আদিতো মিথানল ব্যৱহাৰ কৰিব পৰা যাব। নিতি আয়োগৰ মতে মিথানলে আৰু কেইবছৰমানৰ ভিতৰতে সম্পূৰ্ণৰূপে ডিজেলৰ স্থান লবলৈ সক্ষম হ’ব।

নিতি আয়োগে কৰা আন এটা চাঞ্চল্যকৰ ঘোষণা অনুসৰি ভাৰতৰ ঘৰুৱাভাৱে নিজৰ চাহিদা অনুসৰি মিথানল উত্পাদন কৰাৰ ক্ষমতা আছে আৰু মিথানলযুক্ত ইন্ধন প্ৰতিলিটাৰত মাত্ৰ ১৯ টকা দৰত গ্ৰাহকক যোগান ধৰিব পৰা যাব। অৰ্থাৎ গ্ৰাহকৰ ইন্ধনৰ খৰছ আজিৰ হিচাপত চাৰিভাগৰ এভাগলৈ হ্ৰাস পাব। ইতিমধ্যে চীন, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ছুইডেন আদি দেশত মিথানল ইন্ধনৰ প্ৰয়োগ বাঢ়িছে। চীনদেশৰ ১০% বাহন মিথানল চালিত হৈ পৰিছে। ভাৰততো প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলক ভাৱে ১৫% ইন্ধন মিথানলৰ লগত ব্লেণ্ডিং কৰাৰ পৰিকল্পনা কৰা হৈছে।

আজি কেইদিনমান আগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিছিলযে, দেশত পেট্ৰ’লজাত সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কাৰ্যসূচী হাতত লোৱা হ’ব। পেট্ৰ’লজাত সামগ্ৰীৰ বিকল্প হিচাপে মিথানলৰ ব্যৱহাৰ নি:সন্দেহে এক দীৰ্ঘম্যাদী ব্যৱস্থা। অৱশ্যে, মিথানলে এতিয়াও শক্তি উত্পাদনৰ দক্ষতাত পেট্ৰ’লজাত সামগ্ৰীৰ সমকক্ষ হোৱা নাই। তদুপৰি এতিয়াও মিথানলৰ প্ৰয়োগৰ সকলো দিশ উন্মোচিত হোৱা নাই। আগন্তুক দিনত বিভিন্ন দেশত মিথানলৰ প্ৰয়োগ ক্ৰমান্বয়ে বাঢ়িব বুলি অনুমান কৰা হৈছে। ভাৰতৰ নিতি আয়োগেও এই দিশত দিশ নিৰ্ণয়কাৰী সিদ্ধান্ত ল’ব বুলি ঘোষণা কৰিছে।

পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে কমাই আনি বিকল্প ইন্ধনৰ উত্পাদনত আত্মনিৰ্ভৰশীল হ’ব পাৰিলে ভাৰতীয় অৰ্থনীতিৰ গতিও ত্বৰান্বিত হ’ব। খাৰুৱা তেলৰ আমদানিত বছৰি খৰছ হোৱা প্ৰায় ৬ লাখ কোটি টকা ৰাহি কৰিব পাৰিলে দেশৰ অৰ্থনীতি অধিক সবল হৈ পৰিব। পেট্ৰ’ল আৰু ডিজেলৰ বিকল্প ইন্ধনৰ বাবে এতিয়াও বহুতো দেশত গৱেষণা চলি আছে। মিথানলেই সেই বিকল্প ইন্ধন হ’ব পাৰে। সাধাৰণ মানুহৰ বাবেও পেট্ৰ’ল ডিজেলৰ দৰে কাৰ্যক্ষম ইন্ধন চাৰিভাগৰ এভাগ মূল্যত পোৱাটো এক সপোন সাৰ্থক হোৱাতকৈ কোনো গুণে কম নহ’ব।

বিৰোধী ঐক্য



কৰ্ণাটকৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ শপতগ্ৰহণ অনুস্থানত এক বিৰল ঘটনা সম্পন্ন হৈছিল। দেশৰ প্ৰায় সকলোবোৰ আগশাৰীৰ ৰাজনৈতিক দলৰ নেতাই হাতত হাত ধৰি ফটো উঠি বিৰোধী ঐক্যৰ প্ৰদৰ্শন কৰিছিল। কৰ্ণাটকত কংগ্ৰেছ আৰু জে ডি এছ দলে মিলি চৰকাৰ গঠন কৰি একক সংখ্যাগৰিস্থতা লাভ কৰা ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰাটোৱে দেশৰ বিৰোধী শিবিৰক উত্ফুল্লিত কৰি তুলিছে। এই সাফল্যই বিৰোধী শিবিৰত প্ৰাণৰ সঞ্চাৰ কৰিছে আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুস্থানটোত দেখা পোৱা বিৰোধী শিবিৰৰ উত্সাহ উদ্দীপনাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ওফৰাবলৈ কিছুমান নতুন সমীকৰণ গঠন হোৱাৰ ইংগিত দিছে। ইতিমধ্যে দেশৰ প্ৰায়বোৰ ৰাজনৈতিক দলেই অনুধাৱন কৰিছেযে বিৰোধী দলসমূহে নিজৰ মতানৈক্য পাহৰি বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিলেহে ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব। মন কৰিবলগীয়াযে কৰ্ণাটকত দ্বিতীয় সৰ্ববৃহৎ দল হৈয়ো কংগ্ৰেছে মুখ্যমন্ত্ৰীত্বৰ দাবী নকৰিলে আৰু যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছযে দৃঢ়প্ৰতিজ্ঞ তাৰেই উমান দিলে। 

বৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন দলৰ সহযোগত দেশৰ ২৯ খন ৰাজ্যৰ ২০ খনতে শাসনত আছে। আনহাতে যোৱা চাৰিটা বছৰত এখনৰ পাছত এখনকৈ বিভিন্ন ৰাজ্য কংগ্ৰেছৰ শাসনৰ পৰা ওলাই গৈছে। সেয়েহে কংগ্ৰেছে অকলশৰীয়াকৈ ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান জনাব পৰা অৱস্থাত নাই। এনে পৰিস্থিতিত সকলো বিৰোধী দল একগোট আৰু সংঘবদ্ধ হৈ যুঁজিলেহে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক কিছু প্ৰত্যাহ্বান দিয়াটো সম্ভৱ হ’ব। অলপতে উত্তৰ প্ৰদেশত হোৱা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টী একগোট হোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টী দুয়োখন আসনতে পৰাস্ত হৈছিল। তাৰ আগতে বিহাৰত লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ দলৰ সৈতে লগ লাগি কংগ্ৰেছে মহাজোঁট গঠন কৰিছিল আৰু বিহাৰত ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। শেহতীয়া কৰ্ণাটক নিৰ্বাচনৰ ফলাফলৰ পৰাও এই কথা ষ্পষ্ট হৈ পৰিছেযে কংগ্ৰেছ আৰু জেডিএছে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’লে ভাৰতীয় জনতা পাৰ্টীৰ বাবে ইমানসংখ্যক আসন পোৱাটো সম্ভৱ নহ’লহেঁতেন। 

অৱশ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুস্থানত বিৰোধী নেতাসকলে একেখন মঞ্চত একেলগে থিয় হৈ একতা প্ৰদৰ্শন কৰিলেও তৃণমূল পৰ্যায়ত বিভিন্ন মতাদৰ্শৰ ৰাজনৈতিক দলৰ মিত্ৰতা সহজসাধ্য নহয়। মনকৰিবলগীয়াযে প্ৰতিখন ৰাজ্যৰে ৰাজনৈতিক সমীকৰণ পৃথক। ৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতাৰ বাবে আগ্ৰহী দুটা দলৰ মাজত ৰাজ্যিক পৰ্যায়ত অহি নকুল সম্পৰ্কও থাকিব পাৰে। উদাহৰণ স্বৰূপে কৰ্ণাটকৰ বিৰোধীৰ মিলন সভাত সীতাৰাম য়েছুৰী আৰু মমতা বেনাৰ্জীয়ে কৰমৰ্দন কৰিলেও পশ্চিমবংগৰ নিৰ্বাচনী ৰণত বাম মৰ্চা আৰু তৃণমূল কংগ্ৰেছ একেলগ হৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাটো আজিৰ সময়ত অসম্ভৱ যেন লাগে। সেইদৰে কৰ্ণাটকত ছোনিয়া গান্ধীৰ লগত আত্মীয়তা প্ৰদৰ্শন কৰা মমতা বেনাৰ্জীয়ে প্ৰায়েই কংগ্ৰেছ আৰু বিজেপি বিহীন তৃতীয় মৰ্চাৰ পোষকতা কৰে। একজোঁট হ’ব খোজা বিভিন্ন মতাদৰ্শৰ বিৰোধী দলৰ নেতাসমূহৰ মাজত কেৱল নৰেন্দ্ৰ মোদীক ক্ষমতাৰ পৰা প্ৰতিহত কৰাৰ বাহিৰে আনকোনো উমৈহতীয়া লক্ষ্য বা উদ্দেশ্য চকুত পৰা নাই। বিৰোধী দল একজোঁট হ’লে সেই জোঁটৰ নেতা কোন হ’ব সেয়াও এক বিবদমান বিষয়। মোদীৰ বিৰুদ্ধে এজন সৰ্বজনগ্ৰাহ্য শক্তিশালী বিৰোধী নেতাক প্ৰধানমন্ত্ৰীত্বৰ দাবীদাৰ কৰিবলৈও বিৰোধীপক্ষ সক্ষম হ’ব যেন নালাগে। এইসময়ত কংগ্ৰেছে বিৰোধী শিবিৰৰ নেতৃত্ব দিব লাগিছিল আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিব পাৰিব লাগিছিল যদিও বিভিন্ন দলৰ কংগ্ৰেছৰ সৈতে থকা মতানৈক্যৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। বিৰোধী পক্ষই ক্ষমতা দখল কৰিবলৈ সক্ষম হ’লেও চৰকাৰ চলোৱাতকৈ ক্ষমতাৰ বাবে অঁৰিয়াঅঁৰি হোৱাৰহে সম্ভাৱনা আছে। যিয়েই নহওক, কৰ্ণাটকত বিৰোধী পক্ষই কৰা আখৰাৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত শাসনাধিস্থ ভাৰতীয় জনতাযে তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, তাৰেই উমান পোৱা গৈছে।

Blog Archive